Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Aji Bramhoputra Holo Barniman
Dr. Bhupen Hazarika
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মহা-মিলনৰ তীৰ্থ এই ব্ৰহ্মপুত্ৰ আজি বহ্নিমান কিয়?
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
মনৰ দিগন্তত ধোঁৱা উৰে
আকাশত পপীয়া তৰা ঘূৰে
পদে-পদে কৰে কাক অপমান?
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্ৰোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
সমদলৰ পদধ্বনি আবাল-বৃদ্ধ-বনিতাৰ
আবাল-বৃদ্ধ-বনিতাৰ
স্ব-নিৰাপত্তা লক্ষ আৰু আনকো জীয়াই ৰখাৰ
সহস্ৰজনৰ সাহস দেখি পৃথিৱী কম্পমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
সৌৱা বজ্ৰনিনাদৰ প্ৰতিধ্বনি ভৈয়ামে-পৰ্বতে বাজে
সংগ্ৰামী সুস্থ প্রকাশ বলিষ্ঠ সংযম মাজে
প্ৰচণ্ড অৱহেলা, প্ৰচণ্ড অৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান