Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Gamkharu Thuriya
Somiran Malay
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
এৰী-মুগা মৰিলে এৰাপাতো নেলাগে
এৰাপাতো নেলাগে
আভোকত, ঐ, নেলাগে
আভোকত, ঐ, নেলাগে ভাত
বয়সনো ভাটি দিলে গহনা মোক নেলাগে
গহনা মোক নেলাগে
বহনা, ঐ, নেথাকে
বহনা, ঐ, নেথাকে গাত
আমে পাত সলালে, চেনাইটি, চামেনো পাত সলালে, ঐ
সৰিলে বাৰীৰে নেমুৰে পাত-পাত-পাত
আলিৰে কেঁকুৰিত, মোৰে ধন, বাটেনো চাম তোলৈকে, ঐ
দিবিনে মুখৰে এষাৰি মাত-মাত-মাত?
হে, মোৰ সোণ, শুনাই, যাৱ শুনাই, সুহুৰিয়াই বিহুনাম
মনেনো মোৰ ভেটা ভাঙি যায়-যায়-যায়
মোৰ সোণ, শুনাই, মনে বিনায়— কেনেকৈ তোক লগে পাম!
পীৰিতিয়ে কলিজাখন খায়-খায়-খায়
হে, কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
টাকুৰী ঘূৰাদি ঘূৰি নাচিমে মই ৰচকী হৈ
টাকুৰী ঘূৰাদি ঘূৰি নাচিম
হে, কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
টাকুৰী ঘূৰাদি ঘূৰি নাচিমে মই ৰচকী হৈ
টাকুৰী ঘূৰাদি ঘূৰি নাচিম
(এ হায়ৈ, অ' দেহা, ঐ)
ঐ, গাঁৱলে' গ'লোঁ তোৰ চাওঁ বুলি মুখনি
বাটতে পাই ল'লোঁ নগাটেঙা বুটলি
খাম বুলি তোৰ হাতৰ চিৰা-দৈ-পিঠা
শুনিম তোৰে মৰমসনা মাত মিঠা
ঐ, বাটকুৰি বাই পালোঁ তোৰে, ঐ, ঠিকনা
খুৱাবই লাগিব পুঠি-খলিহনা
টকালি পাৰি, ঐ, খাবৰে মন মোৰ
তোৰ হাতে-বনোৱা লাড়ু-পিঠাপনা
ঐ, আহিবি আঁহতৰ তলত
ৰৈ থাকিম গধূলি পৰত
লাজেকৈ পিন্ধাবি বিহুৱান এখনি
ৰাখিম মই বৰকৈ আদৰত, অ' মইনা
চমকত চাবলৈ, চেনাইটি, নহ'লোঁ মই বিজুলী, ঐ
নহ'লোঁ বাৰিষাৰ বোৱঁতী নৈ-নৈ-নৈ
হে, তোকে, ঐ, পাবলৈ, মোৰে ধন, অতদিনে আছোঁ যে ৰৈ
মনৰে আশাটি মনতে লৈ-লৈ-লৈ
চমকত চাবলৈ, চেনাইটি, নহ'লোঁ মই বিজুলী, ঐ
নহ'লোঁ বাৰিষাৰ বোৱঁতী নৈ-নৈ-নৈ
তোকে, ঐ, পাবলৈ, মোৰে ধন, অতদিনে আছোঁ যে ৰৈ
মনৰে আশাটি মনতে লৈ-লৈ-লৈ
হে, মোৰ সোণ, শুনাই, যাৱ শুনাই, সুহুৰিয়াই বিহুনাম
মনেনো মোৰ ভেটা ভাঙি যায়-যায়-যায়
হে, মোৰ সোণ, শুনাই, মনে বিনায়— কেনেকৈ তোক লগে পাম!
পীৰিতিয়ে কলিজাখন খায়-খায়-খায়
হে, কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
টাকুৰী ঘূৰাদি ঘূৰি নাচিমে মই ৰচকী হৈ
টাকুৰী ঘূৰাদি ঘূৰি নাচিম
হে, কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
কেলৈনো লাগে যুৰীয়া, ঐ, গামখাৰু-থুৰীয়া?
টাকুৰী ঘূৰাদি ঘূৰি নাচিমে মই ৰচকী হৈ
টাকুৰী ঘূৰাদি ঘূৰি নাচিম
(হায়ৈ, হায়ৈ)
ঐ, ফুলামকৈ টঙালি, মুগাৰে চুৰিয়া
নামঘৰৰ চোতালত মন হ'ল মতলীয়া
পথাৰৰ মাজতে আঁহতৰ তলতে
চিৰিংকৈ মাৰে তোৰ মন কুমলীয়া
বুজি পা বুকুৰে বেথা
পলুৱাই নিলে তোক লাগিব লেঠা
বাপেৰে কৰিব তোক এলাগী
নহ'বি পাগলী, মনব'হাগী