Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Aahi Likha
DHRTX
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
প্ৰতিপলে মোৰ উশাহো বাঢ়ে
মায়াৱিনী যেন তুমি হোৱা
ধীৰে ধীৰে মোৰ এটি মৃদু সুৰ
তুমি যে তাতেই আহি ৰোৱা
অনুভূতি আঁকিলেও...
তিতি-বুৰি আশা হয়
বহুদিনে সাঁচি ৰখা...
এধানি যেন মৰম লৈ
তুমি আহি লিখা, তুমি বহু নিশা
তুমি আকাশ চুমাহি মোৰ
তুমি আবিৰ সানা, তুমি দেহত সাজা
তুমি মৌসনা মিঠা সুৰ
জীপাল ভাষাত আহি ৰোৱা...
টোপালবোৰৰ নতুন আশা
তুমি আহিলে সপোনো সাগৰ হয়
তোমাৰ দৰেই মোৰো কথা...
শুনিবলে' মোৰ বহু নিশা
তুমি সাজিলে সপোনো মৰম হয়
তুমি আধৰুৱা, তুমি বাটৰুৱা
তুমি জীৱন জীয়ালাহি মোৰ
তুমি হৃদয় জুৰা, তুমি ৰ'দৰ ছায়া
তুমি জোনাকতো মোৰ
তোমাৰে খোপাতে প্ৰণয় আজি...
ৰ'দৰ দৰেই জিলিকে
অযুত আশাইনো কি বেথা লৈ...
তোমাৰ কাষলে' উৰে!
জোনাকতো ফুলিব
দূৰে দূৰে সাজিব
আকাশৰ বতৰা লৈ
অ', মৰমবোৰো সৰিব
এপাহ-দুপাহ ফুলিব
তোমাৰ দুচকুতে ৰৈ
তুমি সৰগ হোৱা, তুমি নতুন আশা
তুমি খোজত সানা নূপুৰ
তুমি ধৰা পৰা, মোৰ গীতৰ কথা
প্ৰতিযুগলৈ মোৰ
অনুভূতি আঁকিলেও...
তিতি-বুৰি আশা হয়
বহুদিনে সাঁচি ৰখা...
এধানি যেন মৰম লৈ