Xuhuri
Popularity · Low
YouTube
Searching YouTube...
Lyrics
মাজুলী
অ' বৰনদীৰ জিলিকা বালি
কত হাঁহি, হেঁপাহ, হা-হুতাহেৰে
তোৰ বোকোচা বালি
সুহুৰিত উৰুৱাই চাপৰিৰে বালি
জঁপিয়াই পাৰ হওঁ বৰনদী
ঢৌ চপৰিয়াই, পানী ছিটিকাই
ৰিঙিয়াই মাতোঁ তোক মাজুলী
মাজুলী
তই ব'হাগৰে বিজুলী
মাজুলী, মাজুলী
মাজুলী, মাজুলী
পিৰালিত পীৰা পাৰি বহে
ভাঙিব নোৱাৰা সাঁথৰ
কেঞা আঙুলিৰ ঠাৰতে
ঘূৰালি সময়ৰ যঁতৰ
কিনো সূতাৰে মহুৰা ফুৰালি?
জীৱনচাদৰতে কি ফুল বাছিলি?
মাজুলী, মাজুলী
মাজুলী, মাজুলী
বৰনদী ভটিয়ায়
গৰা মহটিয়ায়
চপৰা চপৰে মাজুলী উটি যায়
বৰনদী ভটিয়ায়
গৰা মহটিয়ায়
চপৰা চপৰে মাজুলী উটি যায়
মাজুলী
মাজুলী
মাজুলী
মাজুলী
মাজুলী
মাজুলী
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
উ-উ-উ-উ
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
মাজুলী