Skip to content

Moromor Dukhoni

Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

ঐ মৰমৰ দুখনি হাত মেলোনোঁ কাৰে আশাত এনেই মন ইচাত-বিচাত লাগিছে বসন্তৰ বা গাত . . . এতিয়া কি কৰোঁ ক'তে মৰো কলৈ যাওঁ বাৰু কোৱাঁ তুমি মোৰ জীৱনলৈ আহিবা নে নাহা কোৱাঁ . . অ' চেনেহৰ মৌ-মিঠা মাত কোনে নো চুই যায় হিয়াত বতাহত লৰে কলৰ পাত তুমি মোৰ সদায় হিয়াত . . . এতিয়া যি কৰো তাতে দেখো সমাজিকতে জানা তোমাৰে নো কাষলৈ নাযাওঁ বুলি কিয় ভাবা . . . ঐ সপোনৰে বাগিচাত ফুলিছে ফুল পাৰিজাত দিথকত নপৰে মন সাত যৌৱন জুই জ্বলে হিয়াত এতিয়া যি ভাবো সেয়ে জানো হ'ব জানো সঁচা তুমি নাজানা নে মোৰে মন আশাৰে ভৰা . . . এ যৌৱনৰ প্ৰথম পুৱাত সোমালো তোমাৰ হিয়াত ভয় লাগে দেখোন কলিজাত জীৱনৰ খলা-বমা বাট . . . এতিয়া সপোন দেখোঁ আশা বান্ধো মনৰ মাজতে জানা তুমি মন আকাশত জোন হৈ সদায় যেন জিলিকা ঐ মৰমৰ দুখনি হাত মেলোনোঁ কাৰে আশাত এনেই মন ইচাত-বিচাত লাগিছে বসন্তৰ বা গাত . . . এতিয়া কি কৰোঁ ক'তে মৰো কলৈ যাওঁ বাৰু কোৱাঁ তুমি মোৰ জীৱনলৈ আহিবা নে নাহা কোৱাঁ . .