Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Jajabori Mon
Jishan Changmai
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
আপোন ঘৰ বুলিবলে' যে নাই
গোটেই পৃথিৱীখনেই আমাৰ আপোন
জীৱন বুলিবলে' বেলেগে নাই
মুক্ত আকাশেই যেন আমাৰ সপোন
আপোন ঘৰ বুলিবলে' যে নাই
গোটেই পৃথিৱীখনেই আমাৰ আপোন
জীৱন বুলিবলে' বেলেগে নাই
মুক্ত আকাশেই যেন আমাৰ সপোন
লাগে উৰিব পক্ষী এটি হৈ
সভ্যসমাজ জুমি চাবলৈ
দিন-ৰাতিবোৰ একাকাৰ হৈ
সপোনৰে ৰংবোৰ ছুই চাবলৈ
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
মধুময় এই জীৱন লভিছোঁ এবাৰেই
তাকেই কিয় সামৰোঁ চকুলো বোৱাই?
হিংসাৰ জুইতে জ্বলাই নিজকে
তাতেই কিয় লিখোঁ ইতিহাস বৰ্বৰতাৰ?
নালাগে আৰু মিছা ৰং, নালাগে মিছা সমাজ
উত্তৰ বিচাৰি আজি নিজকে এবাৰ সুধি চাওঁ
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
কবিতাৰ ভাষাবোৰ কেতিয়া দিঠক হ'ব?
নতুন জোনে কেতিয়া মিচিকিয়াব?
বেদনাৰ ৰাতিবোৰ কেতিয়া পুৱাব?
হাঁহিৰ সূৰুয-ধৰাত উদয় কেতিয়া হ'ব?
নতুনৰ পোহৰে পোহৰাই শান্তি জিলিকাব
যাযাবৰী জীৱনে তেতিয়াই লক্ষ্য বিচাৰি পাব
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
যাযাবৰী মন শুদ্ধ
যাযাবৰী মন বিচিত্ৰ
যাযাবৰী জীৱন আমাৰ মুক্ত
নিয়ম নাই যাযাবৰীৰ
বান্ধোন নাই যাযাবৰীৰ
মুক্ত এই যাযাবৰী মন
যাযাবৰী মন