Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Moi Eti Jajabar
Bhupen Hazarika
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মই এটি যাযাবৰ, মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ
মই এটি যাযাবৰ, মই এটি যাযাবৰ
মই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰ ৰূপ চালোঁ
অট'ৱাৰ পৰা অষ্ট্রিয়া হৈ পেৰিছ সাৱটি ল'লোঁ
মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে' কঢ়িয়ালোঁ
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ
মাৰ্ক টোৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা ক'লোঁ
বাৰে-বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ
সেয়ে মই যাযাবৰ, সেয়ে মই যাযাবৰ
বহু যাযাবৰ লক্ষ্যবিহীন, মোৰ পিছে আছে পণ
ৰঙৰ খনি য'তেই দেখিছোঁ, ভগাই দিয়াৰ মন
বহু যাযাবৰ লক্ষ্যবিহীন, মোৰ পিছে আছে পণ
ৰঙৰ খনি য'তেই দেখিছোঁ, ভগাই দিয়াৰ মন
মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী
মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিচাৰে আছে ভৰি
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি
বহু দেশে-দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ
মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ
সেয়ে মই যাযাবৰ, সেয়ে মই যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ
সেয়ে মই যাযাবৰ, মই এটি যাযাবৰ
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ