Ne Kaandibaa Ne Kaandibaa
Popularity · Low
YouTube
Searching YouTube...
Lyrics
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা
আনৰ সোণ লুকুৱাবলে
পিতায়ে শিক্ষা নিদিলে
সমাজৰ ধন চান কাঢ়িবলে
আয়ে শিক্ষা নিদিলে
কুবেৰৰো পো নহলো
দিবলে সোণ গহণা
পাহাৰ বগাই ধৰি আনিম
এটি জীয়া মইনা মইনা
নেকান্দা কইনা
ধনীৰ ঘৰত কৰাহেঁতেন
আজি তুমি কইনা
পেৰা ভৰাই মণি কেৰু
পালাহেঁতেন কতনা
পাহৰিব খোজা যদি
পেটৰ ভোকৰ যাতনা
দেখোৱাব পাৰো মই
কংস বধৰ ভাওনা ভাওনা
নেকান্দা কইনা
আনক মাৰি ধান সাঁচিবলে
গুৰুৱে শিক্ষা নিদিলে
মিঠা তেলত বিষ ঢালিবলে
গুৰুৱে শিক্ষা নিদিলে
আগলী বাঁহৰে যদি লাহৰী গগণা
শুনিব খুজিছা তুমি বজাই
শুনাম মইনা মইনা
নেকান্দা কইনা
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা