Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Rati Hole
Zubeen Garg
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
ঐ পাহাৰৰ কুলিটি ঐ ঐ আহে ভৈয়ামলৈ
ব'হাগক আদৰো বুলি
ঐ গাভৰু ছোৱলী ঐ পৰে ধুনীয়া হৈ
বিয়াত বহিবলৈ বুলি
(ৰাতি গলে চোতালখনো বাহি চোতাল হয়
সাচি থলে দেহাৰে ৰূপ যৌৱনো নৰয়
থাকিলেও বৈ নদীৰ জানো পানী শুকাই যায়
যাচি গলে বুকুৰ মৰম কমিটো নাযায়)২
ধুনীয়া ছোৱালীবোৰক সকিয়াই যাওঁ মই
(মৰম দিলে ল'ব পাৰো লোৱাৰে নাই ভয়)২
(কুলি নহয় কণি পাৰিম আনৰ বাঁহত গৈ
মৰম নহয় ভোজৰ প্ৰসাদ ভগাই দিবলৈ
গলেও যোৱক যৌৱন যদি মলাঙিও যায়
নিজৰ দেহা নিজৰ দেহা আনৰ কথা নাই)২
বাটৰ কচু গাত ঘঁহি নলং নলং মই
(প্ৰেমৰ ফোহাৰ মেলিবলৈ ফোহাৰী নহয়)২
(পানী পৰে কচুপাতত দাগ জানো ৰয়
আছে মৰম দিবলৈ মোৰ কিয় কৰ ভয়
নধৰালে চোকা দাও মামৰে যে খায়
নাহিব যে কামত পাছে খবৰ অাছেনে নাই)২
খাবলৈহে হোটেলতহে লাড়ু সজাই থয়
(চাই হেপাহ পলাবলৈ ছবি নেকি তই)২
(কচু পাতনো দেখিলি ক'ত বৰশত যোৱাই
চেৰাগুলি মাৰিছ যে যেনিতেনি চাই
বেছি খালে আমোৱাই যে নাজান কি তই
বেছিকৈ লগালে নাঙল গৰু কোজা হয়)২
ঐ বগলী হয় অধিক মাছত কণা যেনেকৈ
এদিন চাবি হাত দিবি বহিমে লগ হৈ