Xopun Mur Tumi
Jitrz, Suraj Dhimaan
Popularity · Low
YouTube
Searching YouTube...
Lyrics
দুচকুৱে আজি তোমাৰেই মুখনি
বিচাৰি আমনি মোক কৰে
ৰদালিৰে পৰা জোনাকীৰ বুকুচাত
তুমিয়েই আছা প্ৰতি ক্ষণে
তুমি কিনো মায়া সানিলা গোপনে
আকাশে বতাহে মন উৰে দুৰলে
পুৱাৰে অৰুণে তোমাকেই আদৰে
বুকুৰ কথা বোৰ উৰি যায় সুৰেৰে
বলিয়া মৰমৰ ভাষাৰে চিঠি
অতিকৈ আপোন সপোন মোৰ তুমি
দুচকুৱে আজি তোমাৰেই মুখনি
বিচাৰি আমনি মোক কৰে
ৰদালিৰে পৰা জোনাকীৰ বুকুচাত
তুমিয়েই আছা প্ৰতি ক্ষণে
মৰীচিকা হৈ তোমাৰ এটি ছায়া
কাষলে আহি মোক কলে বহু কথা
মৰীচিকা হৈ তোমাৰ এটি ছায়া
কাষলে আহি মোক কলে বহু কথা
ঢৌ খেলি উঠে বুকুৱেদি নামে
চুবলে খুজিলে হেৰাই দুচকুতে
নীৰৱে নীৰৱে আজি
চিঞৰে মোৰ মনে ৰাতি
নাই তুমি কাষত তথাপিও আছা
কোনেও নেজানে তোমাৰ এই ঠিকনা
ডাৱৰ মাতিলা নানিলা বাৰিষা
অভিমানী তুমি বুজিও নুবুজা
বলিয়া মৰমৰ ভাষাৰে চিঠি
অতিকৈ আপোন সপোন মোৰ তুমি