Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ai Saraswati A
Bhupen Hazarika, Bandana Boraha
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
আই সৰস্বতী, ঐ, ৰংফুল বকুলী
তোমালৈ মানি যাওঁ কি!
বোলোঁ কি?
তোমালৈ মানি যাওঁ শুকুলা ছাগলী
মাহে-পৰমানে দি
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ, বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
মাহে-পৰমানে দি
ক'লা চোলা-কুৰুতা গুদাম আছে চাৰিটা, চাৰিও চাৰিকে চৰে, হুৰ্-ৰ্-ৰ্
ক'লা চোলা-কুৰুতা গুদাম আছে চাৰিটা, চাৰিও চাৰিকে চৰে
এ, এইজনীৰ চকুলৈ চাবকে নোৱাৰি, জালুক-জলকীয়া কৰে
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ, বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
জালুকে পোৰাদি পোৰে
যাঃ, এইডাল, নাহিবি, যাঃ, দূৰতে থাকিবি
যাঃ, এইডাল, নাহিবি, যাঃ, দূৰতে থাকিবি
মোৰ পিনে নেচাবি একা
যাঃ, ক'ৰেনো গেন্ধেলা! গেন্ধেলা নে ফেদেলা!
যাঃ, ক'ৰেনো গেন্ধেলা! গেন্ধেলা নে ফেদেলা!
একে ভুকুত কঁকাল হ'ব বেঁকা
অ', পীৰিতি কি বস্তু— চিনিব নোৱাৰি!
হে, কোনজন ঈশ্বৰৰ মায়া?
হে, তুমি নকৰিলে কৰোঁতা নাই মোৰ
হে, ভাটিবয়সতে বিয়া
পাণ-বৰিয়ালৰ পাণ, ঐ, নানিবি, নানিবি গুৱালৰ দৈ
গামখাৰু আনিলেও তোৰ দৰে বুঢ়াটোক কাহানিও নোবোলোঁ পৈ (হেই!)
হে, মইনাজান, মইনাজান, এ, বিয়া-বাৰু নকৰোঁ
হে, মইনাজান, মইনাজান, এ, পলুৱাই নিম তোক
মইনাজান, মইনাজান, নেলাগে হোমৰে জুই
হে, মইনাজান, মইনাজান, এ, তোৰ দৰে নাচনীক
মইনাজান, মইনাজান, হে, পলুৱাই নিনিলে
হে, মইনাজান, মইনাজান, হে, মৰিমে বৰলা হৈ
কি ক'লি, কি ক'লি, মোক নিবি পলুৱাই!
কি ক'লি, কি ক'লি, মোক নিবি পলুৱাই!
তোৰ তেনে সাহসফেৰা আছে?
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
লৰি যাম তোৰ পাছে-পাছে
ৰাজগড়ৰ হাবিতে মাটি মই পোৱা নাই, মোৰ নামে ওলাইছে পটা
ৰাজগড়ৰ হাবিতে মাটি মই পোৱা নাই, মোৰ নামে ওলাইছে পটা
তোমাকে পলুৱাই নিবই যে লাগিব, নহ'লে জীৱনটো বৃথা
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ, বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
নহ'লে জীৱনটো বৃথা