Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Xorotor Akaax
Tavreed feat. Dyou & Jupitara Deka
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মোৰ হৃদয়ৰ দাপোণ, আপোন সপোন তুমি
সৌ আকাশৰ নিবিড় আবেলি
নজনাকে' সাৰ পায় হিয়াত প্ৰেমৰ ছবি
মোৰ যৌৱনৰ সোণালী ৰ'দলি
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
তুমি চালে অজানা শিহৰণ জাগি উঠে
সেই চাৱনিত মোৰ হিয়া বিলীন হয়
ডাৱৰৰ ভাঁজত একাঁচল পোহৰৰ দিগংগনা
নামি আহে তোমাৰ হাঁহিতে ৰৈ
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ