Skip to content

Tumi Nathakileo

Popularity · Low

YouTube

Searching YouTube...

Lyrics

তুমি মোৰ হৃদয়ত ল'লাহি থিতাপি প্ৰতিটো স্পন্দনত গান হৈ ৰ'লাহি। দুচকুত দিলা কিনো সপোন আঁকি? উজাগৰে পাৰ হয় প্ৰতিটো ৰাতি। পুৱতিৰ আকাশৰ ৰ'দালি হৈ উদাসী মোৰ এই মন তুলিলাহি তুমিয়েই জীপাল কৰি পোহৰৰে ৰহণ সানি। তোমাৰ সুবাসে সাৱটি ধৰে বিচাৰে পৰশ আকুল মনে। তোমাৰ সুবাসে সাৱটি ধৰে বিচাৰে পৰশ আকুল মনে। তুমি নাথাকিলেও কাষত স্মৃতিয়ে ৰিঙীয়াই মাতে তোমাকে ৰিঙীয়াই মাতে তোমাকে ৰিঙীয়াই মাতে।