Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Jolopropat
Shankuraj Konwar
,
Abhi Saikia
,
Kangkan Rabha
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
সুৰ-मल्हार ৰাগৰ তানে
বাৰিষাৰ বাতৰি আনে
লাজুকী দূবৰি বনে
ৰূপোৱালী ৰহণ সানে
দেখি মন বিভোৰ
বাজি উঠে নূপুৰ
খালী ভৰিৰে গচকি তৰালি
শব্দ শিথিল
হাঁহিও জিলিকিল
নাচোনতে মন উন্মাদিনী
একাঁচল মৰমৰে জলপ্ৰপাত
বুকুতে সানিলি আহি মিঠা আঘাত
মেলি সোণবৰণীয়া চুলিটাৰি
একাঁজলি ৰামধেনু ছটিয়ালি
মেঘালীৰ সূতা
বৃষ্টি-কণিকাৰে বান্ধিলোঁহি এনাজৰী
বাউলী মেঘৰঞ্জনী
দেহাৰে বয় স্ৰোতস্বিনী
কামিনী উশাহৰ ধ্বনিত
ওমলে মুকুতা-মণি
দেখি মন বিভোৰ
বাজি উঠে নূপুৰ
মৰুভূমি যেন মোৰ চোতালত
চিপ্ চিপ্ টোপাল
নিচাতেনো মাতাল
শ্যামলিমা আবেলিৰ পৃথিৱী
একাঁচল মৰমৰে জলপ্ৰপাত
বুকুতে সানিলি আহি মিঠা আঘাত
মেলি সোণবৰণীয়া চুলিটাৰি
একাঁজলি ৰামধেনু ছটিয়ালি
মেঘালীৰ সূতা
বৃষ্টি-কণিকাৰে বান্ধিলোঁহি এনাজৰী
একাঁচল মৰমৰে জলপ্ৰপাত
বুকুতে সানিলি আহি মিঠা আঘাত
মেলি সোণবৰণীয়া চুলিটাৰি
একাঁজলি ৰামধেনু ছটিয়ালি
একাঁচল মৰমৰে জলপ্ৰপাত
বুকুতে সানিলি আহি মিঠা আঘাত
মেলি সোণবৰণীয়া চুলিটাৰি
একাঁজলি ৰামধেনু ছটিয়ালি
মেঘালীৰ সূতা
বৃষ্টি-কণিকাৰে বান্ধিলোঁহি এনাজৰী