Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Koli Meliley
Zubeen Garg
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ
অভিধানৰে কোনো আখৰে
বুজাব নোৱাৰা আৱেগবোৰ
চেঁকুৰি আহি আশাৰে ঘোঁৰাতে
সঁচা হ'বলৈ কিমান দূৰ!
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ
অকণমানিকৈ এধানমানিকৈ
অণু পৰমাণু মিলিগৈ সাজে সপোন
উৰি আহি চকুতে শুলে আকাশৰে জোন
জাকৰুৱা ৰ'দে উমনি দিলে
ৰাগে-অনুৰাগে বিয়পে ফাগুনৰ গান
বাঢ়ি আহি বুকুতে ফুলে আঘোণৰ ধান
ইতিহাসৰে সিটো পাৰলে'
ৰামধেনুৰ ৰং বিলাই যায়
আৰোহণৰে সাতোটি সুৰে
উজলি মোৰ গানকে গায়
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ