Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ronole Jau
Shankuraj Konwar
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
মা, আজি বুকু বান্ধি মোক উৰি যাবলে' দে
তোৰ হকে আজি মোকে তেজৰে নৈ বোৱাবলে' দে
কিমান মোকে আঁচলৰে চুকতে ৰাতি-দিন লুকুৱাবি?
এদিনতো তই আবদ্ধ বুকুৰে দুৱাৰখন খুলিবি
মোক এৰি দে, যাবলে' দে
সকলো দুখ মচি দে
এইবেলি দুনাই নেমাতিবি
শুকানে ৰাখ তোৰে চকু
যদি উভতি নাহোঁ
মিছাতে নেচাবি বাটে পদুলিতে
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
উকা বুকু, এহাল চকু
ধোঁৱাৰ আঁৰত ভাহে
নিভাঁজ হাঁহি, প্ৰতিশ্ৰুতি লগ দিয়াৰ বাবে
নৈৰ পাৰত মোকেই মনত পেলাই উচুপ চাগে'
মোৰেই অবিহনে জীয়াই থাকিব পাৰিবিনে?
এপলক শান্তিৰ মুকুতা
বিনিময় ৰক্ত-কণিকা
সিঁচি সিঁচি আজি মৰহি ৰ'ল
অস্তিত্বৰে চেতনা
গুলীবিদ্ধ এই কলিজা
ৰিঙিয়াই যাবৰে বেলা
অন্তিম ক্ষণত সোঁৱৰালোঁ
তোৰ হিয়াৰে ঠিকনা
মোক এৰি দে, যাবলে' দে
সকলো দুখ আঁজুৰি দে
বুকুতে মৰহিব দিবি
তোৰেই মাটিত উপজিলোঁ
একেই মাটিত সামৰিলোঁ
মিছাতে নেকান্দিবি মোৰ সমাধিতে
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে'
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ
ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ, ৰণলে' যাওঁ