Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Xoru Manuh
Kool-D
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি
হেঁপাহতে উৰি আছোঁ, কলমটো মোৰ পাখি
পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
সি হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে
সি মাগিছে শান্তি, পাহৰি কষ্ট, হাঁহি তাৰ মুখতে
সি ভাগিছে বিষাদত, নীৰৱে অকলে বহিছে চুকতে (চুকতে)
সি ভাবিছে কথাবোৰ, নিৰুপায়, পৰিছে নিজৰে ৰোষতে
তোৰতো টকা নাই, তোক লৈ কোনেও মৰমৰ ছবিখন অঁকা নাই
তোৰতো টকা নাই, হ'ব দে তাতেনো কিটো হ'ল একোতো কথা নাই
তোৰতো টকা নাই, তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
তোৰতো টকা নাই, যুঁজিছ ভিতৰত, কিয় মন খুলি তই বকা নাই?
তোৰতো টকা নাই, তোৰতো টকা নাই (তোৰতো টকা নাই)
Aye, ফটা গেঞ্জী, তলফালে half-pant
ফটা ভাগ্য লৈ বেলেগলে হাত মেল
সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
ফটা গেঞ্জী, তলফালে half-pant
ফটা ভাগ্য লৈ বেলেগলে' হাত মেল
সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ
শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে!
মনত বেছি চেকা হ'লে ধৰিব তোৰ গাত ঘূণে
ধনত বেছি আঠা, চাবি লাগিব তোৰ লেঠা
জেপত টকা নাথাকিলেও সুখী আমি লাখগুণে
(সুখী আমি লাখগুণে)
তই মনতে ধনী নে ধনতে?
টকা পাই আৱেগো বেচিলি কমতে
তোৰ দূৰৰ পৰা ঘৰতো চমকে
ভিতৰত অশান্তি, সুখবোৰ থমকে
ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলে কথা, ভুকুতে কলটো নপকে
কিবাতো থাকিব অৰ্থ নাইবাতো এনেই সি beat-তে নবকে
সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা চাবি দেই ঠগিব গণকে
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম