Skip to content

Brahma Aadi Kori

Zubeen Garg Music
Popularity · Low

YouTube

Searching YouTube...

Lyrics

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া-শয্যা মাজে আছয় ঘুমটি যাই | তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিয়োক নাথ জগাই || ৬৫৯ ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ | মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ || ৬৬০ সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি | দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি || ৬৬১ মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো সাৰ | নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু আমি দুখিতক চৰণে কৰা উদ্ধাৰ || ৬৬২ হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা | প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা || ৬৬৩ হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো | তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো || ৬৬৪