Kuwoli
Mrinal Rabha
Popularity · Low
YouTube
Searching YouTube...
Lyrics
কুঁৱলী নামিছে
কুঁৱলী
শীতৰে সেমেকা গধূলি
নিথৰ ডাৱৰ ভাঙি নীল আকাশত
শুকুলা দলিছা পাৰি মোৰ চোতালত
সৰিছে যেন শেৱালি পাহি!
কুঁৱলী নামিছে
কুঁৱলী,
শীতৰে সেমেকা গধূলি
ৰৈ যোৱা, অ' সময়
শুনি যোৱা এবাৰ মনৰ কথা,
আঁকি দিয়া আল-ফুলে
আকাশৰ বুকুত অলেখ তৰা!
চিনাকি চিনাকি লগা এজাক সপোনে দি যায়
গোপনে আহি হিম-চেঁচা অনুভূতি
মন মোৰ আজি যেন উৰণীয়া পখী,
এমুঠি বিষাদে আহি নোৱাৰে ভাঙিব দুপাখী,
একাজলী ৰং সিঁচি দিয়া আঘোণৰ
দুবাহুতে দিয়া বাকী ৰ'দালি কোমল,
জলিব দিয়া এগছি চাকি!
কুঁৱলী নামিছে
কুঁৱলী
শীতৰে সেমেকা গধূলি
নিথৰ ডাৱৰ ভাঙি নীল আকাশত
শুকুলা দলিছা পাৰি মোৰ চোতালত
সৰিছে যেন শেৱালি পাহি!
কুঁৱলী নামিছে
কুঁৱলী,
শীতৰে সেমেকা গধূলি।