Uruli
Mrityunjoy Kakati
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
প্ৰেমতে পৰিলোঁ তোমাৰে
আঁতিগুৰি নজনাকে
ক'ৰেনো গাঁৱৰে ৰূপহী
মোৰেনো মন ভোলালাহি
বহাগৰে বাতৰি আনিছা যে তুমি
দুচকতে প্ৰেমৰে একুৰা অগনি
হোৱানা তুমি মোৰে বুঁকুৰে লগৰী
সুখে-দুখে হিয়াতে ল'বাহি জিৰণি
জানো জানো তুমি
ল'বা আঁকোৱালি
আনিমে সোণ তোমাক মই
সানি লৈ মাহ-হালধি
আজি আকাশ-বতাহ বলীয়া
বসন্তৰে বতৰা
জীৱন মাথো দুদিনীয়া
কিহৰ গুণাগথা
যদি হোৱা মোৰ কইনা
মোৰে মৰম বুজিবা
সযতনে তুমি মোক ৰাখিবা বুঁকুৰে মাজত
যৌৱন ওকলি নাযাব যদি তুমি থাকা কাষত
আশাৰেনো ৰেঙনী আনিছা যে তুমি
প্ৰতি নিশা তুমি মোৰ সপোনতে আহি
কুলি-কেতেকীয়েও দিছেহি জাননী
আমাৰে মিলনৰে সুৰীয়া ৰাগিণী
পালোঁ পালোঁ আজি
জীয়াই থকাৰ সহাঁৰি
ময়ো ওলাম দৰা সাজি
বাজিব যেন উৰুলি