Aji Bramhoputra Holo Barniman
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
মহা মিলনৰ তীৰ্থ এই ব্রক্ষ্মপুত্র
আজি বহ্নিমান কিয়
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান
মনৰ দিগন্তত ধোঁৱা উৰে
আকাশত পপিয়া তৰা ঘূৰে
পদে পদে কাক কৰে অপমান
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্রোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান
সমদলৰ পদধ্বনি আবাল-বৃদ্ধ, বনিতাৰ
স্ব-নিৰাপত্তা লক্ষ আৰু
আনকো জীয়াই ৰখাৰ
সহস্রজনৰ সাহস দেখি পৃথিবী কম্পমান
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান
সৌৱা বজ্র নিনাদৰ প্রতিধ্বনি
ভৈয়ামে পৰ্বতে বাজে
সংগ্রামী সুস্থ প্রকাশ বলিষ্ঠ সংযম মাজে
প্রচণ্ড আৱহেলা
প্রচণ্ড আৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান
আজি ব্রহ্মপুত্র হ'ল বহ্নিমান