Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ubhoti Suwa
Zubeen Garg
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
উভতি চোৱাঁ ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী
সময়ৰে সুঁতি
সোঁততে সুহুৰি
সুৰুঙাৰে সৰকি সুঁৱৰি
উভতি চোৱাঁ ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
অচিন আকাশৰ সিটো পাৰে
পলকেও ঠিকনা সলালে
মলিন ছবিৰে ৰংবোৰে
কিনো ৰং ক'তেনো সানিলে?
আধামৰা জোনে উচুপি কান্দে
এন্ধাৰৰ এলাগী বাটতে
সমুখৰে ৰ'দে তমসাকে ছোৱে
ঘূৰি তোৰ দিশে বালিয়ে
উভতি চোৱাঁ ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী
বেলি উৰি উৰি ঢলি পৰে
আবেলি-গধূলি পৰতে
উকি মাৰি মাৰি ৰে'ল চলে
উলটি কাহানিও নহাকে'
ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা
জ্বলি ৰয় আঁউসীৰ জোনতে
হাতে হাতে ছহাত-ছমুঠন হেঁপাহ
খৰমান গানৰে ৰাগতে
উভতি চোৱাঁ ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী