Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Hikoli
Zubeen Garg
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
"মই তৰা আকাশৰ, মই পৰী সপোনৰ
নাহিবা কাষলে নুচুবা মোক৷
জোন-বেলি একাকাৰ মোৰ এই ৰূপতেই
সময়ো যে থমকি চাই মাথো মোৰ৷"
অভিমানী
"চুব খুঁজিলেই নিজে হেৰুৱাব,
চাব খুজিলেই এন্ধাৰ দেখিব,
সপোনহে মাথো নহওঁ দিঠক মই,
বুজি পোৱা যদি পোৱা৷
আলসোৱা মন নোৱাৰা বান্ধিব,
সজা ভাঙি থৈ উৰিব খুজিব,
সময় থাকোতেই দুচকু মোহাৰি,
সাৰ পোৱা যদি পোৱা৷"
অভিমানী প্ৰিয়া মোৰ,, নুশুনো নুবুজো মই
তোমাৰ তৰা চকু, আশা মোৰ তিৰেবিৰাই৷
শিকলি চিঙি তুমি যাব নোৱাৰা
আজি মোক পাহৰি
অভিমানী
"এদিন দুদিনকৈ বছৰ বহু গ'ল,
এপল দুপলকৈ সময় গলি গ'ল,
তোমাৰ আশাতেই হৃদয় জলি ৰ'ল,
নুবুজিলা মোৰ বেথা৷
এতিয়া আহিছা আকৌ কাষলৈ,
পাহৰা সপোনক জীৱন দিবলৈ,
চকুত পোহৰ সিঁচি এন্ধাৰ হ'বলৈ,
ক'ত পালা অধিকাৰ কোৱা?"
অভিমানী প্ৰিয়া মোৰ,, একেদৰেই আছো মই
আহিব আকৌ ঘুৰি জোনাক নিবিৰ প্ৰণয়৷
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
"তুমি মোৰ আবেলি, হাইতাৰ হেঙুলী
কৰিলাহি ৰাঙলী, হিয়া মোৰ এধানি৷
সকলো পাহৰি, নতুনক আদৰি
খোজ দিওঁ আমি অতীতক গচকি৷"