Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Nilanjana
Shankuraj Konwar
,
Kadambari Kashyap
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
কল্পনা মোৰ
কল্পনাৰ তুমি আকাৰ
আলপনাতে
আলপনাত তুমি সাকাৰ
দুৰ্বল ৰাতি মোৰ সাহসী হ'ল
পিয়াসী তৰাৰ স'তে সাৰথি হ'ল
আকাশী-গংগা
নিৰ্মল পৰশৰ মায়াজালত
খহি যোৱা দুটি দেহৰে ডালত
ৰজনীগন্ধা
আঁকোঁ অংগে-অংগে পৰিসীমা
আৰু ছন্দে-ছন্দে ভংগিমা
কিনো লয়লাসে দিলে আনি বাসনা?
জ্বলে কামনাৰে অগনি প্ৰিয়তমা
তুমি দূৰে দূৰে ৰ'লে কিয় মায়া হোৱা?
আৰু কাষৰতে পালে কিয় ছায়া হোৱা?
যদি সাতোৰঙী ৰামধেনু হ'ব খোজা
জানি থ'বাঁ প্ৰিয় ৰং মোৰ ভালপোৱা
উন্মনা এই
উন্মনা এই লগন
বাঞ্ছনা মোৰ
বাঞ্ছনাৰে প্ৰহৰ
স্পৰ্শত বিয়পিছে ৰাঙলী ৰং
জ্বলে অণু পৰমাণু
আজি প্ৰিয় ফিৰিঙতি হৈ (আজি প্ৰিয় ফিৰিঙতি হৈ)
সঁপি দিলোঁ শব্দৰ ব্যঞ্জনা
উটি গ'লোঁ তৃপ্তিৰ মোহনাত
দুয়ো নদী হৈ
আঁকোঁ অংগে-অংগে পৰিসীমা
আৰু ছন্দে-ছন্দে ভংগিমা
কিনো লয়লাসে দিলে আনি বাসনা?
জ্বলে কামনাৰে অগনি প্ৰিয়তমা (প্ৰিয়তমা)
কিনো শক্তিৰে আজি মোক বান্ধিলা?
দিলা মুক্তিৰে মৌসনা ঠিকনা
নালাগে মোক সাতোৰঙী ৰামধেনু
ঢালি দিয়াঁ তুমি মাথোঁ নীলা ৰং
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা
নীলাঞ্জনা (আঁকোঁ অংগে-অংগে পৰিসীমা)
নীলাঞ্জনা (আৰু ছন্দে-ছন্দে ভংগিমা)
নীলাঞ্জনা (কিনো লয়লাসে দিলে আনি বাসনা?)
নীলাঞ্জনা (জ্বলে কামনাৰে অগনি প্ৰিয়তমা)
নীলাঞ্জনা (তুমি দূৰে দূৰে ৰ'লে কিয় মায়া হোৱা?)
নীলাঞ্জনা (আৰু কাষৰতে পালে কিয় ছায়া হোৱা?)
নীলাঞ্জনা (যদি সাতোৰঙী ৰামধেনু হ'ব খোজা)
নীলাঞ্জনা (জানি থ'বাঁ প্ৰিয় ৰং মোৰ ভালপোৱা)