Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Panchana
Zubeen Garg, Panchana Rabha
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
পাঞ্চুনা ডালায়
মান্দাৰেনা ডালায়
ওকাই ডালায় পাকেয়ান
দূগ দূগুৰ দূগ দূগুৰ
ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায়
পাঞ্চুনা ডালায়
মান্দাৰেনা ডালায়
ওকাই ডালায় পাকেয়ান
দূগ দূগুৰ দূগ দূগুৰ
ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায়
কলিজাৰ কাৰেঙ ভাঙি
সপোনৰ সমাধি পাতি
যাতনাৰ খৰাং খিচি
পৰানৰ কবিতা ফালি
উৰুঙা হাহাকাৰে মোক জোকাই
কলেহি তুমি নাই কতো নাই
পাঞ্চুনাৰ দোলা
দূগ দূগুৰ দূগ দূগুৰ
সবদে দূৰলৈ যায়
পবালি আঙুলিৰ পাহিতে
সোণালী আঙুঠিৰ হাঁহিয়ে
নাসাজিলে ঘৰ সুখৰ
সোৱৰি অতীতৰ বাঁহীয়ে
বিচাৰি লৰালিৰ প্ৰিতিৰে
পাহৰিলে সুৰ নিজৰ
গুমুঠা গুমুঠা আকাশে বুকুতে জিৰাই
উৰুঙা উৰুঙা উশাহে নিজকে জ্বলাই
পাঞ্চুনাৰ দোলা
গৰকি মোহাৰি যায়
অসময় সময়ৰ পলকে
কলেহি নিয়তিৰ কাণতে
নিজানো নিজৰ নহয়
সপোনৰ সমাধিৰ এঙাৰে
কলেহি পোহৰৰ কাণতে
এন্ধাৰো নিজৰ নহয়
ধুমুহাৰ কুকুহা বতাহত উৱলি গ'ল
মৰমৰ মালিতা বুকুতে মলঙি গ'ল
পাঞ্চুনাৰ দোলা
গুলুঙৰ আমথু গৰকি মোহাৰি যায়
দুগ দুগুৰ দুগ দুগুৰ
সবদে দূৰলৈ দূৰ দূৰলৈ যায়
পাঞ্চুনাৰ দোলাত
তুমি নাই ময়ো নাই
নাই নাই আজি কোনো নাই