Bohage Oi
Amar Sivam
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
বিহুতে ঐ যঁতৰত আই
মহুৰা পণতে লগাই
অতি যে আদৰৰ গামোচাখন
পাই ঐ বিহুতে মন ভৰি যায়
তাঁতৰ ঐ শাল লগাই
গামোচাত ফুল বাছিছ নে নাই?
বিহুতে পেঁপাৰ মাতে ঐ
মন-প্ৰাণ যেন জুৰায়
চ'তৰে ঐ, বতাহে জাক
মনতে কিযে বিহুৰ নাম!
ব'হাগে ঐ, পালে যেন
গছৰে পাত যেন সলালে আন
ব'হাগ ঐ, পালেহি ঐ
খবৰ আছে নে নাই?
চেনেহী ঐ, পালেহি ঐ
বিহুৱান ৰাখিছ নে নাই?
চ'তৰে ঐ, বতাহে জাক
মনতে কিযে বিহুৰ নাম!
ব'হাগে ঐ, পালে যেন
গছৰে পাত যেন সলালে আন
ৰঙালীৰে ঐ, নাচনীৰ নাচ
মনতে কিযে ঢোলৰে মাত!
ব'হাগে ঐ, পালে যেন
চৌদিশে বিহু লাগিছে গাত
হে-হে বিহুতে ঐ
ওঁ, তোমাকে পাই
মৰমে যেন
তোমালে' উপচি যায়
কঁকালৰ ভাঁজত
তোমাকে বিহুতে চাই
মনে যেন মোৰ
ঢুলীয়া হৈ যায়
হে ৰঙিলী ঐ, পমিলী
খোপাত কপৌফুল গুঁজিলি নে নাই?
ঐ, কোমলকৈ তোৰ দুহাততে
জেতুকা ৰং বোলালি নে নাই?
মুগা ৰিহা মেখেলাসাজ পিন্ধি
ব'লাঁ বিহু মাৰিবলে' যাওঁ
চ'তৰে ঐ, বতাহে জাক
মনতে কিযে বিহুৰ নাম!
ব'হাগে ঐ, পালে যেন
গছৰে পাত যেন সলালে আন
ব'হাগ ঐ, পালেহি ঐ
খবৰ আছে নে নাই?
চেনেহী ঐ, পালেহি ঐ
বিহুৱান ৰাখিছ নে নাই?
চ'তৰে ঐ, বতাহে জাক
মনতে কিযে বিহুৰ নাম!
ব'হাগে ঐ, পালে যেন
গছৰে পাত যেন সলালে আন
ৰঙালীৰে ঐ, নাচনীৰ নাচ
মনতে কিযে হুঁচৰিৰ মাত!
ব'হাগে ঐ, পালে যেন
বিহু-বিহু ঐ, লাগিছে গাত