Skip to content

Monore Gohona

Amarendra Kalita
Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

শুৱনি জোনাকী আকাশৰ তৰালী মোৰে হৈ ৰোৱা কেতেকী সুৰভী ব'হাগৰ মনতে যতনাই থোৱা মনে মনে আহি সানি যায় ৰং বোৰ দুচকুৰে পলকতে তাই কপালতে আছে বা নাই তথাপিও হৃদয়তে সাঁচি থ'লো ঠাই চিলমিল টোপনিৰ আঁচলত দেখো মই তাইৰে ছবি পৰী যেন তাই সৰগী মন দাপোনতে তায়ে সপোন ৰচে উকা জীৱনতে শইচ সিঁচে হৃদয় বাকৰিতে মৰম কাৰেং সাজে মনত প্ৰণয়ৰে সুৰ বাজে হৃদয়ত পাৰি থ'লো দুৱৰি দলিচা জানোচা সজাবাহি মনৰে বাগিচা সলাব তায়ে আহি অবধি পুৰণা হবনে তাই মোৰে মনৰে গহণা??? মনে মনে আহি সানি যায় ৰং বোৰ দুচকুৰে পলকতে তাই কপালতে আছে বা নাই তথাপিও হৃদয়তে সাঁচি থ'লো ঠাই